যৌৱনে আমনি কৰে

Joubane Amoni Kore

যৌৱনে আমনি কৰে অশোক কুমাৰ বিষয়াই পৰিচালনা আৰু প্ৰযোজনা কৰা এখন ৰঙীন ৰোমাণ্টিক অসমীয়া ছবি, ১৯৯৮ চনৰ ১৯ মেত মুক্তি পাইছিল। অসমীয়া ছবিৰ দীঘলীয়া মন্দাৰ অন্তত ছবিখন অতি জনপ্ৰিয় হৈছিল আৰু অসমীয়া দৰ্শকক অসমীয়া ছবিৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। ছবিগৃহত ই ৰূপালী জয়ন্তী সপ্তাহ পালন কৰিছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Joubane Amoni Kore online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

মালতী নামৰ এগৰাকী দুখীয়া মহিলাৰ সহায়ত চহৰত পঢ়া-শুনা কৰা দীপুৱে পাছত ধনী ঘৰৰ জীয়ৰী মানসীক বিয়া কৰায়। তেওঁলোকৰ এজনী ছোৱালী পূজা। পূজা কলেজলৈ গ’ল আৰু ঘটনাক্ৰমে সেই কলেজতে পঢ়িবলৈ অহা মালতীৰ পুত্ৰ অঙ্কুৰৰ সৈতে তাইৰ প্ৰেম হ’ল। কিন্তু পূজাক ভাল পাবলৈ বিচৰা আন এজনৰ সৈতে অঙ্কুৰৰ সংঘাত হয়।

ইফালে পূজাৰ দেউতাক দীপুও এই প্ৰেমৰ বাধা হৈ উঠে। তেওঁ মালতীৰ উপকাৰৰ কথা পাহৰি যায়, আৰু এইটোও পাহৰি যায় যে এদিন তেওঁ নিজেও সাধাৰণ মধ্যবিত্ত আছিল আৰু বহু বাধা পাৰ হৈহে মানসীক পাইছিল। মানসী কিন্তু এই প্ৰেমৰ পক্ষত আছিল। দুয়োৰে মাজত তৰ্ক-বিতৰ্ক চলে আৰু শেষত দীপুৰ মন সলনি হয়।

পূজা আৰু অঙ্কুৰে পলাই যায়। দীপুৱে সিহঁতক বিচাৰি মালতীৰ গাঁৱৰ ঘৰলৈ যায়। ইফালে অঙ্কুৰক মাৰিবলৈ তাৰ প্ৰতিদ্বন্দ্বীয়ে পিছ লয়। বাচি থকাৰ আশা নেদেখি পূজা আৰু অঙ্কুৰে পাহাৰৰ পৰা জাঁপ মাৰিবলৈ ওলাওঁতে দীপুৱে বাধা দিয়ে। সেই সময়তে প্ৰতিদ্বন্দ্বীৰ চলোৱা গুলী দীপুৰ গাত লাগে, যদিও তেওঁ প্ৰাণে বাচে। শেষত সকলোৰে সন্মতিত পূজা আৰু অঙ্কুৰৰ বিয়া হয়।

নিৰ্মাণ Production

অশোক কুমাৰ বিষয়াই ছবিখন পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। ছবিৰ নামটো তেওঁৰ পিতৃ ক্ষীৰদাকান্ত বিষয়াই লাচিত বৰফুকন ছবিৰ বাবে লিখা এটা গীতৰ পৰা লোৱা হৈছিল; সেই গীতটো পুনৰ ৰেকৰ্ড কৰি ইয়াত টাইটেল গীত হিচাপে ব্যৱহাৰ কৰা হয়। নামটো অশ্লীল বুলি নিৰ্মাণৰ সময়ত বিতৰ্ক হৈছিল। অশোক কুমাৰ বিষয়াই এটা টিভি সাক্ষাৎকাৰত কৈছিল যে প্ৰযোজকপক্ষও পৰিকল্পিতভাৱে এই বিতৰ্কত জড়িত হৈছিল।

ছবিখনত মুঠ সাতটা গীত আছে। টাইটেল গীতৰ কথা আৰু সুৰ ক্ষীৰদাকান্ত বিষয়াৰ; মূল গীতটো গাইছিল দীপালী বৰঠাকুৰে আৰু পুনৰ ৰেকৰ্ডিঙত কণ্ঠ দিছিল সংগীতা বৰঠাকুৰে। বাকী ছটা গীত লিখিছিল প্ৰশান্ত বৰদলৈ, হেমন্ত দত্ত, প্ৰতিমা দাস আৰু বংকিম শৰ্মাই। গীতসমূহত কণ্ঠ দিছে জিতুল সোণোৱাল, জুবীন গাৰ্গ, শান্তা উজীৰ, মনচুমী ৰাজখোৱা আৰু মিতালী চৌধুৰীয়ে, লগতে বলিউডৰ গায়ক কুমাৰ ছানু আৰু উদিত নাৰায়ণেও। জুবীন গাৰ্গ আৰু বলিউডৰ গায়িকা সাগৰিকা মুখাৰ্জীয়ে এই ছবিৰ জৰিয়তে নেপথ্য কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল।

সমালোচনা Reception

যৌৱনে আমনি কৰে এখন জনপ্ৰিয় ছবি আছিল আৰু ছবিগৃহত ৰূপালী জয়ন্তী সপ্তাহ পালন কৰিছিল। ২০১৯ চনলৈকে ই আছিল সৰ্বাধিক দৰ্শক পোৱা অসমীয়া ছবি। সেই সময়ৰ হিচাপত ছবিখনে ১.৮৫ কোটি টকাৰ ব্যৱসায় কৰিছিল, যেতিয়া টিকটৰ দাম আছিল ৭ টকা আৰু ১৫ টকা।

উত্তৰাধিকাৰ

অসমীয়া ছবিৰ দীঘলীয়া মন্দাৰ অন্তত অহা এই ছবিখনে অসমীয়া দৰ্শকক অসমীয়া ছবিৰ প্ৰতি পুনৰ আগ্ৰহী কৰি তুলিছিল।

জানেনে? Trivia

  • The title comes from a song Khirada Kanta Bisaya wrote for Lachit Barphukan.
  • Zubeen Garg and Sagarika Mukherjee made their playback debuts in this film.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1998