জন্ছ মহলীয়া

Jones Mahalia
DirectorBorn 26 September 1946, Sengamari, Chatia, Sonitpur, AssamDied 6 February 2016 (aged 70)

জন্‌ছ মহলীয়া (১৯৪৬-২০১৬) শোণিতপুৰ জিলাৰ চতিয়াৰ চেঙামাৰীত জন্ম হোৱা এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। তেজপুৰত স্কুলীয়া শিক্ষা আৰু গুৱাহাটীত স্নাতক শেষ কৰি তেওঁ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত নিৰ্দেশনা অধ্যয়ন কৰে আৰু ১৯৭১ চনত ডিগ্ৰী লাভ কৰে। শেষ বৰ্ষত তেওঁ নিৰ্মাণ কৰা চিটি ছবি দূৰ চলেয়েই তেওঁৰ প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ ছবিৰ আৰ্হি হৈছিল।

জীৱনী Biography

ফিল্ম ডিভিজনত কিছুদিন পৰিচালক হিচাপে কাম কৰাৰ পাছত নৱাৰুণ ফিল্ম্‌ছৰ বেনাৰত তেওঁ দূৰণিৰ ৰং (১৯৭৯) নিৰ্মাণ কৰে। অসম আন্দোলনৰ সময়ত মুক্তি পোৱা ছবিখন বাণিজ্যিকভাৱে ব্যৰ্থ হয় আৰু তেওঁ অৰ্থ-সংকটত পৰে। তথাপি তেওঁ কেইবাখনো অসমীয়া ছবি নিৰ্মাণ কৰে, তাৰ ভিতৰত মহাসমৰ (২০১৩), গুৱাহাটী দূৰদৰ্শনৰ বাবে কেইবাটাও জনপ্ৰিয় ধাৰাবাহিক পৰিচালনা কৰে আৰু নতুন বেলি নামৰ এখন শিশু আলোচনী সম্পাদনা কৰে। দীৰ্ঘদিন বৃক্কৰ ৰোগত ভুগি ২০১৬ চনত গুৱাহাটীত তেওঁৰ মৃত্যু হয়।

Direction 4 films

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Is this you, or do you have a correction? Last updated 9 October 2026.