পানী (১৯৯৫ চলচ্চিত্ৰ)

Paani

পানী ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া ছবি। নবাৰুণ ফিল্মচ (অসম)ৰ বেনাৰত নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মিত। পৰিচালনা প্ৰফুল্ল শইকীয়াৰ আৰু গীত-সঙ্গীত ভূপেন হাজৰিকাৰ।

ক'ত চাব Where to watch

We don't know of a legal way to watch Paani online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

পাগলাদিয়া নৈৰ পাৰৰ গাঁও বৰজহা। সেই গাঁৱৰে প্ৰতিপত্তিশীল আৰু চহকী ব্যক্তি বলোভদ্ৰ চৌধুৰীৰ ভৱিষ্যতে বিধায়ক হোৱাৰ বাসনা আছে। তেওঁৰ একমাত্ৰ জীয়ৰী আল্পনাই শ্বিলঙত পঢ়ে। চহকী ঘৰৰ ছোৱালী হ’লেও তাই অতি সহজ-সৰল আৰু গাঁৱৰ সকলোৱে তাইক ভাল পায়। দীঘলীয়া বন্ধত গাঁৱতে সময় কটাবলৈ তাই বৰজহা পায়, তেনেতে প্ৰলয়ংকৰী বান আহি পৰে।

চৌধুৰীয়ে বান-পীড়িত ৰাইজক অলপ সহায় কৰি নিজৰ স্বাৰ্থসিদ্ধিৰ কথা ভাবে আৰু এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ দায়িত্ব দিয়ে নিজৰ সোঁহাতস্বৰূপ নয়ন বৰুৱাক।

পাগলাদিয়াৰ ছিগা মথাউৰি মেৰামতি কৰিবলৈ চহৰৰ পৰা ইঞ্জিনিয়াৰ দিলীপ চলিহা আহে আৰু তেওঁক চৌধুৰীৰ ঘৰতে ৰখা হয়। মেৰামতিৰ কাম শেষ হৈ অহাৰ লগে লগে আল্পনা আৰু দিলীপ ওচৰ চাপি আহে। কিন্তু নয়ন বৰুৱাই বাধা দি ভাবুকি দিয়ে যে আল্পনাই বিয়া কৰাবই লাগিলে তেওঁকহে কৰাব লাগিব, দিলীপক নহয়। আল্পনাই কাৰণ সুধিলে তেওঁ যি উত্তৰ দিয়ে, শুনি তাই স্তম্ভিত হৈ পৰে। এতিয়া তাইৰ এফালে বান-পীড়িত গাঁৱৰ ৰাইজ, আনফালে নিজৰ প্ৰেম।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

নিৰ্মাণ Production

ছবিখন নবাৰুণ ফিল্মচ (অসম)ৰ প্ৰযোজনা আৰু নিৰোদ চৌধুৰীৰ পানী উপন্যাসৰ আধাৰত নিৰ্মিত। নিৰোদ চৌধুৰীয়েই কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰে। পৰিচালক প্ৰফুল্ল শইকীয়াই ইয়াৰ আগতে প্ৰথম কাৰ্বি ছবি বুলি কোৱা জিৰচঙৰ পৰিচালনা কৰিছিল।

গীতৰ কথা, সুৰ আৰু সঙ্গীত ভূপেন হাজৰিকাৰ আৰু আবহ সঙ্গীত জিতু-তপনৰ। শব্দগ্ৰহণত আছিল সতীশ চৌহান, শনিৰাম ডেকা, হীৰেন্দ্ৰ প্ৰসাদ ভট্টাচাৰ্য আৰু দীপক দত্ত। কলা নিৰ্দেশনা বীৰেন সিংহৰ আৰু ক’ৰিয়’গ্ৰাফী কমল নাথৰ।

জানেনে? Trivia

  • The film is based on Nirod Choudhury's novel of the same name.
  • Director Praphulla Saikia had earlier made Jirsong, the first Karbi film.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1995