লালেটাপু

Laletapu 1983

লালেটাপু ১৯৮৩ আদিত্যম শইকীয়া পৰিচালিত আৰু ২০২৩ চনৰ ২৪ নৱেম্বৰত মুক্তি পোৱা এখন অসমীয়া বোলছবি। ১৯৮৩ চনৰ ২০ মাৰ্চৰ নিশা শোণিতপুৰ জিলাৰ জিয়াভৰলীৰ পাৰত স্থানীয় আৰু বহিৰাগতৰ মাজত ঘটা সংঘৰ্ষৰ আধাৰত ছবিখন নিৰ্মিত।

ক'ত চাব Where to watch

We don't know of a legal way to watch Laletapu 1983 online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

লালেটাপুৰ ঘটনাৰ আধাৰত নিৰ্মিত ছবিখনে ৮০ৰ দশকত অসমলৈ অহা বহিৰাগত লোকে থলুৱা অসমীয়াৰ জীৱন প্ৰণালীত কেনে প্ৰভাৱ পেলালে আৰু অসমীয়া গাঁওলীয়া জীৱন কেনেকৈ ধ্বংস কৰিলে, সেই কথা বৰ্ণনা কৰিছে। ১৯৮৩ চনৰ ২০ মাৰ্চত লালেটাপুত আঠজন লোক শ্বহীদ হৈছিল, আৰু সংঘৰ্ষৰ পাছতো লালেটাপু বহিৰাগতৰ হাতৰ পৰা মুক্ত হোৱা নাছিল।

নিৰ্মাণ Production

ছবিখনৰ প্ৰযোজনা বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ৰ। মুখ্য সহ প্ৰযোজক ধনজিৎ দাস, সহকাৰী পৰিচালক মৃণাল ডেকা আৰু বিবেক বৰা, চিত্ৰগ্ৰহণ কৃষ্ণ শ্বাহৰ আৰু সম্পাদনা ৰণ্টু চেতিয়াৰ। শব্দ সম্পাদনা, আবহ সংগীত আৰু সংমিশ্ৰণ কৰিছে অমৃত প্ৰীতমে।

অভিনয়ত আছে আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভগিৰথী আৰু এলিষ্মিতা। ২৬ আগষ্ট শুক্ৰবাৰে এক অনুষ্ঠানত ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰা হয়।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2023