Biplobi poster

বিপ্লৱী

Biplobi
Directed by Asit Sen

বিপ্লৱী ১৯৫০ চনত মুক্তি পোৱা অসিত সেন পৰিচালিত অসমীয়া কথাছবি, যাক কৃষ্ণা ফিল্মচৰ বেনাৰত কালীপ্ৰসাদ বিহানীয়ে প্ৰযোজনা কৰে। পিছলৈ বঙালী আৰু হিন্দী ছবিৰ পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰা অসিত সেনৰ এইখনেই প্ৰথম ছবি। ১৯৪২ চনৰ গণ আন্দোলনৰ পটভূমিত ইয়াৰ কাহিনী ৰচনা কৰা হৈছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Biplobi online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

১৯৪২ চনৰ গণ আন্দোলনৰ আধাৰত ৰচিত ছবিখনত দেশৰ বাবে আত্মত্যাগ কৰা এজন বিপ্লৱীৰ কাহিনী কোৱা হৈছে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Asit Sen
Music director
Shiv Bhattacharjee

নিৰ্মাণ Production

পৰিচালক অসিত সেনে পিছলৈ বঙালীত চলাচল, পঞ্চতপা, জীৱন-তৃষ্ণা আৰু হিন্দীত মমতা, বিৰাজ বহুৰ দৰে ছবি পৰিচালনা কৰে। বিপ্লৱী আছিল তেওঁৰ প্ৰথম ছবি। শিৱপ্ৰসাদ ভট্টাচাৰ্যই সংগীত পৰিচালনা কৰিছিল। গীত লিখিছিল ভূপেন হাজৰিকা আৰু মলিন বৰাই আৰু গাইছিল ভূপেন হাজৰিকা, শিৱপ্ৰসাদ ভট্টাচাৰ্য আদিয়ে। অভিনয়ত আছিল জগতচন্দ্ৰ বেজবৰুৱা, চন্দ্ৰকান্ত ফুকন, সাৰদাকান্ত বৰদলৈ, অনুপমা ভট্টাচাৰ্য, শিৱপ্ৰসাদ ভট্টাচাৰ্য, সন্ধ্যা দেৱী আৰু চামচুল হুদা।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.