ক'ত চাব Where to watch
We don't know of a legal way to watch Beautiful lives online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
আঠাইশ বছৰীয়া অজয় এজন ৰিক্সাচালক। এক বোমা বিস্ফোৰণত তেওঁ হাত-ভৰিৰ কাৰ্যক্ষমতা হেৰুৱায়। শাৰীৰিকভাৱে অক্ষম হ'লেও তেওঁৰ কামনা-বাসনা তীব্ৰ হৈয়ে থাকে, ফলত তেওঁ মানসিক অন্তৰ্দ্বন্দ্বত ভোগে। বিস্ফোৰণৰ পিছত প্ৰেয়সীৰ লগত হোৱা বিচ্ছেদে তেওঁৰ সংকট আৰু বঢ়াই তোলে।
চিকিৎসা আৰু খোৱা-লোৱাৰ যোগান ধৰি থকা অজয়ৰ মাক দশমীয়ে পুত্ৰৰ স্পৃহা পূৰণৰ বাবে স্বামীয়ে এৰি যোৱা এগৰাকী মহিলাক তেওঁৰ লগত শাৰীৰিক সম্পৰ্কত লিপ্ত হ'বলৈ মাতে। সমাজে এই কথা মানি নলয়। শেষত দশমীয়ে পুত্ৰক বিহ খুৱাই নিজেও বিহ খাই আত্মহত্যা কৰে।
নিৰ্মাণ Production
ছবিখনৰ দৈৰ্ঘ্য ১২৩ মিনিট আৰু ইয়াৰ চিত্ৰগ্ৰহণ গুৱাহাটী, মঙলদৈ, কাজিৰঙা আৰু মাজুলীত কৰা হৈছিল। ছবি নিৰ্মাণৰ আগতে পৰিচালকে এজন নিউৰ'ছাৰ্জনৰ পৰা বোমা বিস্ফোৰণৰ দৰে দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোকৰ মানসিক অৱস্থা সম্পৰ্কে জানি লৈছিল। স্ত্ৰী-পুৰুষৰ শাৰীৰিক মিলন আৰু চুমা দেখুওৱা বাবে ছবিখন বিতৰ্কত পৰে আৰু ২০১৭ চনৰ আলোচিত অসমীয়া ছবিসমূহৰ ভিতৰত ঠাই পায়।
কংকন ডেকাই কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰ উপৰি ভাস্কৰ লেখাৰু আৰু ৰাজীৱ ফুকনৰ সৈতে কাৰ্ণেল ফিল্ম প্ৰডাকচনৰ হৈ ছবিখন প্ৰযোজনা কৰে। চিত্ৰগ্ৰহণ মিথুন চন্দ্ৰাৰ, কলা নিৰ্দেশনা জ্যোতি ভট্টাচাৰ্যৰ আৰু মেকআপ বিশ্ব কলিতাৰ। সংগীত পৰিচালনা ভগৱৎ প্ৰীতমৰ আৰু সংগীত ব্যৱস্থাপনা অমৃত প্ৰীতম দত্তৰ। অভিনয়ত আছে পাকিজা বেগম, জয়ন্ত ভাগৱতী, বলোৰাম দাস, অশ্ৰুমণি বৰা, জুৰি দত্ত, ধৰিত্ৰী জুমি কলিতা, নয়ন শইকীয়া আৰু প্ৰতিভা চৌধুৰী।
Filming locations
- Guwahati - shooting location
- Mangaldai - shooting location
- Kaziranga - shooting location
- Majuli - shooting location
সমালোচনা Reception
সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা সমাৰোহত ছবিখনে শ্ৰেষ্ঠ নৱাগত পৰিচালক আৰু শ্ৰেষ্ঠ মেকআপৰ বঁটা লাভ কৰে। প্ৰাগ চিনে এৱাৰ্ড ২০১৭ত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সাজ-সজ্জা (বিশ্ব কলিতা), শ্ৰেষ্ঠ অভিনেত্ৰী (পাকিজা বেগম) আৰু শ্ৰেষ্ঠ সংগীত ব্যৱস্থাপনা (অমৃত প্ৰীতম দত্ত)ৰ বঁটা ইয়াৰ ভাগ্যত জুটে।
জানেনে? Trivia
- The story is set against the real bomb blast of 30 October 2008.
- The film was released on 17 February 2017.
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.