Biography জীৱনী
Sher Choudhury (8 August 1942 - 6 November 2013) was a music director, filmmaker, photographer and painter from Assam. Born in Shillong, he began with drawing and then turned to music through the encouragement of his two sisters. He had no formal musical training, but became a skilled mandolin player and entered the music world by accompanying Bhupen Hazarika and Jayanta Hazarika on stage and radio.
His early film work was on Pratham Ragini, directed by Dhiru Bhuyan, where he handled art and music direction and served as chief assistant director. His score for Gautam Bora's Karbi-language film Wanshuwipo won the National Film Award for Best Music Direction. He went on to compose for Assamese films including Haladhar, Mimangsha, Raag Biraag, Adajya, Sanskar (1997), Chakrabyuh (2004) and Ahir Bhairav, as well as for the Karbi film Rongbin, telefilms and Doordarshan serials.
He also directed the documentary Sound of the Dying Colours (1993), which won the National Film Award for Best Promotional Documentary on Tourism. He died of cancer in Guwahati in 2013.
শ্বেৰ চৌধুৰী (৮ আগষ্ট ১৯৪২ - ৬ নৱেম্বৰ ২০১৩) অসমৰ এগৰাকী সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ। ছিলঙত জন্ম হোৱা তেওঁ সৰুতে ছবি অঁকাত মন দিছিল, পাছত দুই বায়েকৰ অনুপ্ৰেৰণাত সংগীতলৈ আহে। সংগীতৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে তেওঁ মেণ্ডোলিন বজোৱাত দক্ষ হৈ উঠে আৰু ভূপেন হাজৰিকা তথা জয়ন্ত হাজৰিকাৰ সৈতে মঞ্চ আৰু ৰেডিঅ'ত সংগত কৰি সংগীত জগতত প্ৰৱেশ কৰে।
ধীৰু ভূঞাৰ প্ৰথম ৰাগিনীত তেওঁ কলা আৰু সংগীত পৰিচালনাৰ লগতে মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব পালন কৰে। গৌতম বৰাৰ কাৰ্বি ভাষাৰ ছবি ৱশ্ব'বিপোৰ সংগীতৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তেওঁ হলধৰ, মীমাংসা, ৰাগ-বিৰাগ, অদাহ্য, সংস্কাৰ (১৯৯৭), চক্ৰবেহু (২০০৪) আৰু অহিৰ ভৈৰৱ আদি অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰে। কাৰ্বি ছবি ৰংবিন, টেলিফিল্ম আৰু দূৰদৰ্শনৰ ধাৰাবাহিকতো তেওঁ সংগীত দিছিল।
১৯৯৩ চনত তেওঁ পৰিচালনা কৰা তথ্যচিত্ৰ ছাউণ্ড অৱ দ্য ডায়িং কালাৰ্ছে পৰ্যটন ক্ষেত্ৰৰ বাবে উদ্গনিমূলক শ্ৰেষ্ঠ তথ্যচিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ২০১৩ চনত গুৱাহাটীত কৰ্কট ৰোগত তেওঁৰ মৃত্যু হয়।
Music 4 films
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Is this you, or do you have a correction? Last updated 9 October 2026.