ৰূপহী

Rupahi

পাৰ্ৱতি প্ৰসাদ বৰুৱাই নিৰ্মাণ আৰু পৰিচালনা কৰা ৰূপহী চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ বুলি গণ্য কৰা হয়। উৎসমতে ছবিখন ১৯৪১ চনত মুক্তি পাইছিল; ইয়াৰ একমাত্ৰ প্ৰিণ্টটো ১৯৭৮ চনত জুইত পুৰি যায় আৰু নিগেটিভো নষ্ট হৈ যায়।

ক'ত চাব Where to watch

We don't know of a legal way to watch Rupahi online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

লুইতপৰীয়া সৰু গাঁও ৰূপহীমুখৰ ডেকা-গাভৰু ভূমি আৰু চম্পাই মিলনৰ সপোন দেখিছিল। কিন্তু চম্পা ডাঙৰ-দীঘল হয় বৰমেধি মায়াৰামৰ ঘৰত। মায়াৰামে শুৱনি চম্পাক কোনো ধনীলৈ বিয়া দি টকা ঘটাৰ সপোন দেখে; নগৰৰ উকীল বিশ্বকান্ত হাজৰিকাৰ মহৰী ধনঞ্জয় দত্তলৈ বিয়া দিয়াৰ আশ্বাস দি তেওঁ ইতিমধ্যে টকা-পইচাও লৈছিল।

নগৰৰ আঢ্যৱন্ত ভদ্ৰলোক হৰপ্ৰসাদ বৰুৱাৰ সন্তান কনক আৰু মিনতিয়ে বন্ধুসকলৰ সৈতে অসমীয়া কলা-সাহিত্যৰ উন্নতিৰ কামত লাগিছে। বিশ্বকান্ত হাজৰিকাই নিজৰ অভিমানী আৰু তৰল মতিৰ জীয়েক মৃদুলাক কনকলৈ বিয়া দিব বিচাৰিছিল, কিন্তু মাৰ্জিত ৰুচিৰ কনকে মত দিয়া নাছিল।

ব্ৰতী সংঘৰ কামত কনক ৰূপহীমুখলৈ আহি চম্পাক চিনি পায়। মায়াৰামে এই চিনাকিৰ পৰা লাভ কৰাৰ আশাত সংঘৰ ঘাই সভ্য পৱনৰ কাণত বিহ ঢালে। মানৱধৰ্মী কিন্তু ভাৱপ্ৰৱণ পৱনে ভুল বুজে আৰু চম্পাক মিছা অপবাদৰ পৰা ৰক্ষা কৰিবলৈ কনকক বাধ্য কৰে। কনকে চম্পাক বিয়া কৰাবলৈ সাজু হয়, আৰু হৰপ্ৰসাদ বৰুৱা পুতেকৰ বিয়াৰ জোৰোণ লৈ মায়াৰামৰ পদূলিত উপস্থিত হয়। তেতিয়া ভূমি আৰু মৃদুলাৰ কি হ'ব, সেই প্ৰশ্ন বাকী থাকে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Parbati Prasad Baruah, Parvati Prasad Baruva

নিৰ্মাণ Production

দ্বিতীয় মহাসমৰৰ সময়তে ছবিখনৰ কাম আৰম্ভ হয়। পাৰ্ৱতি প্ৰসাদ বৰুৱাই 'বৰুৱা বোলছবি, ৰূপালী পাম' নামেৰে এটা চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিষ্ঠান গঢ়ে আৰু তাৰ বেনাৰতে ৰূপহী নিৰ্মাণ কৰে। প্ৰযোজনা আৰু পৰিচালনাৰ উপৰিও তেওঁ চিত্ৰনাট্য, সংলাপ আৰু গীত ৰচনা কৰে আৰু সংগীত পৰিচালনাৰ দায়িত্বও লয়।

কমলেশ্বৰ চলিহাৰ এটা চুটি গল্পৰ আধাৰত কাহিনী গঢ়ি উঠিছিল, যদিও পাছত ছবিৰ কাহিনী মূল গল্পৰ পৰা বেলেগ হৈ পৰে। প্ৰথম অংশৰ দৃশ্যগ্ৰহণ মাজুলীত কৰা হয়; দক্ষিণপাট সত্ৰৰ ৰাসনৃত্য আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ দৃশ্য তোলা হয়। অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে কলিকতালৈ গ'লে গম পোৱা যায় যে অসমত তোলা দৃশ্যবোৰৰ একোখনো ছবি উঠা নাই। সেয়ে পাৰ্ৱতি প্ৰসাদে সেই অংশ বাদ দি গোটেই গল্পটো নতুনকৈ সাজিব লগা হয়, আৰু তাৰ ফলত বিয়োগান্ত গল্পটো মিলনান্ত হৈ পৰে। কলিকতাৰ 'শ্ৰী ভাৰত লক্ষ্মী ষ্টুডিঅ'ত ছেট সাজি দৃশ্যবোৰ গ্ৰহণ কৰা হয়।

১৯৪১ চনৰ ৩০ আগষ্টত কলিকতাৰ 'পূৰবী থিয়েটাৰ'ত ছবিখনৰ প্ৰিমিয়াৰ হয় আৰু ৬ ছেপ্টেম্বৰত গুৱাহাটীৰ 'সতী টকী হাউছ'ত (পাছত বিজুলী চিনেমা ঘৰ) মুক্তি দিয়া হয়।

সমালোচনা Reception

ছবিখনৰ একমাত্ৰ প্ৰিণ্টটো ১৯৭৮ চনত সোণাৰি চিত্ৰগৃহত জুই লাগি ভস্মীভূত হয়। কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ গুদাম ঘৰত থকা নিগেটিভো নষ্ট হৈ যায়।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1941