মানসী

Manasi

মানসী ১৯৮১ চনত মুক্তি পোৱা গৌৰাঙ্গ ফিল্মচৰ বেনাৰত নিৰ্মিত, বলাই সেন পৰিচালিত এখন ৰঙীন পাৰিবাৰিক চলচ্চিত্ৰ। বঙালী সাহিত্যিক আশাপূৰ্ণা দেৱীৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনত বিজু ফুকন আৰু বিদ্যা ৰাওে মূল ভূমিকাত অভিনয় কৰিছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Manasi online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

জমিদাৰ দেৱনাৰায়ণ বৰুৱাৰ বিশাল সম্পত্তি ভোগ কৰিবলৈ থকা একমাত্ৰ নাতি বুলু। তেওঁৰ অন্তৰঙ্গ বন্ধু লক্ষীনাৰায়ণে জীয়াই থাকোঁতে দুয়ো পৰিয়ালৰ পুত্ৰ আৰু জীয়ৰীৰ মাজত বিয়া পাতিবলৈ সংকল্প কৰিছিল। সেই কথা মনত ৰাখি দেৱনাৰায়ণে লক্ষীনাৰায়ণৰ পত্নী হেমপ্ৰভা চৌধুৰানীৰ ওচৰত নাতিনী মানসীক বিচাৰে। দোধোৰমোধোৰ পৰিস্থিতিত চৌধুৰানীয়ে সন্মতি দিয়ে আৰু বৈদিক মন্ত্ৰৰে দুই শিশুৰ বিয়া সম্পন্ন হয়। কিন্তু বিয়াৰ আনন্দৰ মাজতে দেৱনাৰায়ণৰ মৃত্যু হয়।

মানসীৰ মাক চিত্ৰাই এই বিয়া মানি ল'ব নোৱাৰে। খং আৰু দুখত প্ৰায় বলিয়া হৈ তেওঁ জীয়েকৰ শিৰৰ সেন্দূৰ মচি পেলাবলৈ চেষ্টা কৰে। দিন যোৱাৰ লগে লগে তেওঁ জীয়েকক উচ্চশিক্ষা দিয়ে, আধুনিক সমাজৰ উপযোগী কৰি তোলে আৰু যোগ্য দৰা বিচাৰি ফুৰে। ইফালে সম্পূৰ্ণ অকলশৰীয়া হৈ পৰা বুলুয়ে জনসমুদ্ৰৰ মাজত হেৰাই থাকে।

কিন্তু শৈশৱৰ সেই বান্ধোন মানসীয়ে সহজে নুফালিব পাৰে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

নিৰ্মাণ Production

ছবিখনৰ দৃশ্যগ্ৰহণ কলকাতাৰ টেকনিচিয়ান ষ্টুডিঅ'ত হৈছিল। কলকাতাৰ ষ্টুডিঅ'ত দৃশ্যগ্ৰহণ হোৱা এইখনেই শেষ অসমীয়া ছবি; তাত প্ৰথমে দৃশ্যগ্ৰহণ হোৱা ছবি আছিল জ্যোতিপ্ৰসাদৰ ইন্দ্ৰমালতী।

পৰিচালক বলাই সেন বঙালী ছবিৰ অভিনেতা আছিল আৰু সহকাৰী, সহযোগী বা মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। তেওঁ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা পোৱা কাবুলিৱালা (১৯৫৭) আৰু শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা পোৱা এক ডক্তৰ কী মৌত (১৯৯০)ৰ সহযোগী পৰিচালক আছিল। সহকাৰী পৰিচালক হিচাপে তেওঁ সবুজ দ্বীপেৰ ৰাজা (১৯৭৯), এক যে ছিলো দেশ (১৯৭৭), সাগিনা (১৯৭৪), আপোনজন (১৯৬৮), হাটে-বাজাৰে (১৯৬৭), ঝিন্দেৰ বন্দী (১৯৬১) আৰু ক্ষুধিতা পাষাণ (১৯৬০) আদি ছবিতো কাম কৰিছিল।

শব্দগ্ৰহণ বলোৰাম বাৰুই আৰু অনিল তালুকদাৰৰ, কলা নিৰ্দেশনা সুনীতি মিত্ৰৰ। সঙ্গীত ৰমেন বৰুৱাৰ, গীত কেশৱ মহন্তৰ, আৰু কণ্ঠ দিছে দ্বীপেন বৰুৱা, ৰমেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যই।

সমালোচনা Reception

ছবিখনৰ এটা ওড়িয়া সংস্কৰণো নিৰ্মাণ কৰা হৈছিল, নাম অগ্নিপৰীক্ষা।

জানেনে? Trivia

  • Manasi was the last Assamese film shot in a Kolkata studio.
  • An Odia version, Agnipariksha, was also produced.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1981