আৰোহী

Arohi
Directed by Arup Manna

আৰোহী ২০১৫ চনৰ ১৬ জানুৱাৰীত মুক্তি পোৱা অৰূপ মান্না পৰিচালিত এখন অসমীয়া ছবি। ছবিখনৰ কেন্দ্ৰত আছে আধুনিক শিক্ষাব্যৱস্থা আৰু অভিভাৱকৰ আশাৰ বোজাত কষ্ট পোৱা এজনী সৰু ছোৱালী।

ক'ত চাব Where to watch

We don't know of a legal way to watch Arohi online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

শিশুশিল্পী শ্ববনম বৰগয়াৰীয়ে অভিনয় কৰা আৰোহী এজনী সৰু ছোৱালী। বৰ্তমান যুগৰ শিক্ষাব্যৱস্থা আৰু অভিভাৱকৰ উচ্চাকাংক্ষাৰ সৈতে খোজ মিলাই চলাটো তাইৰ বাবে কষ্টকৰ হয়। তাইৰ মাক-দেউতাকে নিজৰ জীৱনৰ আধৰুৱা সপোনবোৰ তাইৰ যোগেদি পূৰণ কৰিব বিচাৰে আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়েও ভাবে যে তাই যন্ত্ৰৰ দৰে সকলোতে ভাল ফল দেখুৱাবই লাগিব।

চাৰিওফালৰ মানসিক চাপে তাইক শৈশৱৰ আনন্দৰ পৰা বঞ্চিত কৰে। পুতলাৰ সৈতে খেলা কৰাৰ বয়সতে তাইক কম্পিউটাৰ শিকিবলৈ বাধ্য কৰোৱা হয়। তাইৰ মন বুজিব পৰা মানুহ কাষত কোনো নাই। এনে পৰিস্থিতিত আবদ্ধ শিশু আৰোহীৰ কাহিনীৰ ওপৰতে ছবিখন নিৰ্মিত।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Arup Manna

নিৰ্মাণ Production

ছবিখন অৰ্কিড এন্টাৰপ্ৰাইজেজৰ বেনাৰত মামণি খাখলাৰীয়ে প্ৰযোজনা কৰিছিল আৰু পৰিচালনা কৰিছিল অৰূপ মান্নাই। মুখ্য চৰিত্ৰবোৰত অভিনয় কৰিছিল শ্ববনম বৰগয়াৰী, ৰাগ ঐনিতম আৰু চন্দনা শৰ্মাই। সংগীত পৰিচালনা মানস হাজৰিকাৰ। শীৰ্ষ গীতটিত কণ্ঠদান কৰিছিল অভিনন্দা মান্না আৰু ৰবছন বৰুৱাই। সম্পাদনা কৰিছিল হিৰণ্য কলিতাই।

সমালোচনা Reception

২০১৪ চনৰ তৃতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছিল।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Arup Manna

Also from 2015