ক'ত চাব Where to watch
We don't know of a legal way to watch Manomoti online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
দৌল চাবলৈ আহোঁতে মনোমতী আৰু লক্ষ্মীকান্তৰ দেখা হয় আৰু দুয়োৰো মনত অনুৰাগ জন্মে। বৰপেটা সত্ৰৰ শান্তিৰাম আতৈয়ে মনোমতীৰ মনৰ কথা লক্ষ্মীকান্তলৈ কঢ়িয়াই নিয়ে। বৰনগৰৰ আভিজাত চণ্ডী বৰুৱা মনোমতীৰ ধৰ্মীয় পিতৃ। আনফালে লক্ষ্মীকান্তৰ দেউতাক যুগীৰ পামৰ হলকান্ত বৰুৱাও এজন আভিজাত, আৰু দুয়োজনৰ মাজত অতীতৰ পৰাই দ্বন্দ্ব আছে।
এনেতে মানসকলে নদী বাই গুৱাহাটী পায়। হলকান্তই নিজৰ প্ৰতিহিংসা পূৰণ কৰাৰ সুযোগ পাই গুৱাহাটীৰ পৰা মানসেনা মাতি আনি চণ্ডী বৰুৱাৰ বৰনগৰ আক্ৰমণ কৰায়। সাহী আৰু উদাৰচিতীয়া ডেকা লক্ষ্মীকান্তই মানক বাধা দিবলৈ চণ্ডী বৰুৱাৰ লগ লয়।
এদিন অন্ধকাৰ নিশা মানে চণ্ডী বৰুৱাৰ হাউলী আক্ৰমণ কৰি চণ্ডী বৰুৱা, মনোমতী, তাইৰ বান্ধৱী পমিলা, লক্ষ্মীকান্ত আৰু শান্তিৰাম আতৈক বন্দী কৰে। বাট দেখুওৱা হলকান্তকো তেওঁলোকে বন্দী কৰে। চণ্ডী বৰুৱাক হত্যা কৰা হয়। অৱশেষত মান সেনাপতি মিঙ্গিমাহা তিলোৱাৰ অসমীয়া পত্নী পদুমীয়ে মনোমতী, পমিলা, লক্ষ্মীকান্ত, হলকান্ত আৰু শান্তিৰামক বন্দীশালৰ পৰা পলুৱাই পঠায়।
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Rohini Kumar Baruah
নিৰ্মাণ Production
মনোমতী প্ৰথমখন অসমীয়া ছবি যাৰ পোষ্টাৰ তৈয়াৰ কৰা হৈছিল; আগতে মুক্তি পোৱা জয়মতী আৰু ইন্দ্ৰমালতীৰ কোনো পোষ্টাৰ নাছিল। ছবিখন ১৯ ৰীলৰ আছিল আৰু ১৯৭০ চনলৈকে সৰ্বাধিক দীঘল অসমীয়া ছবিৰ স্থানত আছিল। ১৯৬৭ চনত ইয়াৰ এটা নতুন প্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল।
নীলিমা দত্ত (দাস)ে নাম ভূমিকাত অভিনয় কৰিছিল। ৰোহিনী বৰুৱা আৰু তেওঁৰ পত্নী, লক্ষ্মীনাথ বেজবৰুৱাৰ মাজু জীয়ৰী ৰত্নাৱলী বৰুৱাই ক্ৰমে শান্তিৰাম আতৈ আৰু পমিলী চৰিত্ৰত অভিনয় কৰে। ভৱানন্দ দুৱৰাই মিঙ্গিমাহা তিলোৱা আৰু প্ৰভাত শৰ্মাই হলকান্তৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ননী বৰদলৈ আৰু বেবী বৰুৱাই শিশু চৰিত্ৰত অভিনয় কৰিছিল। অন্যান্য শিল্পীৰ ভিতৰত আছিল ৰাধাগোবিন্দ বৰুৱা, নব বৰুৱা, ভাৰত ভূঞা, প্ৰশান্ত বৰুৱা, মুক্তা বৰদলৈ, নিৰুপমা দেৱী, কমল নাৰায়ণ চৌধুৰী, ৰঙিলা দত্ত, ৰূপশ্ৰী দেৱী আৰু হেমপ্ৰভা কাকতি।
কমল নাৰায়ণ চৌধুৰীয়ে সঙ্গীত পৰিচালনা কৰিছিল। তেওঁ আৰু প্ৰশান্ত বৰুৱা আদিয়ে গীতত কণ্ঠ দিছিল। ছবিখনত মুঠ দহটা গীত আছিল।
জানেনে? Trivia
- Prabhat Sarma, a dramatist, had acted in a Bengali silent film around 1923-24, which made him the first Assamese person to appear in a film.
- It was the first Assamese film to have a poster.
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.
