লাচিত বৰফুকন

Lachit Borphukan

লাচিত বৰফুকন ১৯৬১ চনত মুক্তি পোৱা এখন বুৰঞ্জীমূলক অসমীয়া ছবি, যিয়ে মোগলৰ পৰা গুৱাহাটী ৰক্ষা কৰা আহোম সেনাপতিৰ কাহিনী কয়। সমবায় ভিত্তিত গঠিত 'প্ৰাগজ্যোতি কলা মন্দিৰ'ৰ বেনাৰত নিৰ্মিত ছবিখনত নাম ভূমিকাত অভিনয় কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Lachit Borphukan online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

স্বৰ্গদেউ জয়ধ্বজ সিংহই মোগলৰ সৈতে কৰা অপমানজনক সন্ধি পৰৱৰ্তী স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মানি নোলোৱাৰ পৰাই মোগল-আহোম সংঘৰ্ষ আৰম্ভ হয়, আৰু ছবিৰ কাহিনীও তাৰ পৰাই আৰম্ভ। লাচিত বৰফুকনক অসম বুৰঞ্জীৰ এগৰাকী মহান বীৰ হিচাপে দেখুওৱা হৈছে, যিজনে মোগলৰ লগত যুঁজি গুৱাহাটী মোগলৰ অধীনলৈ যোৱাত বাধা দিছিল।

দিল্লীৰ বাদছাহ ঔৰংজেৱে অসম ৰজালৈ পঠোৱা অপমানজনক পত্ৰ, ৰাজধানীত যুদ্ধৰ প্ৰস্তুতি, লাচিতক বৰ সেনাপতি পতা, প্ৰথম যুদ্ধত অসমীয়াৰ জয়, ৰজা ৰামসিংহৰ নেতৃত্বত পুনৰ আক্ৰমণ আৰু শৰাইঘাটৰ যুদ্ধত মোগলৰ পৰাজয়, এই সকলো ঘটনা লাচিতৰ মৃত্যুলৈকে ছবিখনত সামৰি লোৱা হৈছে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Lakshyadhar Choudhury, Prabin Phukon
Music director
Brajen Baruah

নিৰ্মাণ Production

লতাশিল খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলনীত প্ৰতি বছৰে একোখনকৈ নাট মঞ্চস্থ হৈছিল। অভিনেতা সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে 'মণিৰাম দেৱান' নাটকখন পুনৰ মঞ্চস্থ কৰিবলৈ মানা কৰি নতুন নাটক বিচাৰে, আৰু প্ৰবীণ ফুকনৰ ৰচনাৰ 'লাচিত বৰফুকন' নাটকখন মঞ্চস্থ কৰা হয়। নাটকখন দেখি দেৱেন্দ্ৰনাথ শৰ্মাই ইয়াক চলচ্চিত্ৰ কৰিবলৈ অনুপ্ৰেৰণা দিয়ে।

বিধায়ক মহেন্দ্ৰ মোহন চৌধুৰীৰ সভাপতিত্বত 'প্ৰাগজ্যোতি কলা মন্দিৰ' গঠন কৰা হয়, আৰু ৰাইজৰ পৰা বৰঙনি তুলি ছবিখন নিৰ্মাণ কৰা হয়। পৰিচালনাত আছিল লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন। মুঠ ১,২৫,০০০ টকা খৰচ হৈছিল। বেছিভাগ অংশ কলিকতাৰ টেক্‌নিচিয়ান ষ্টুডিঅ'ত ছেট সাজি তোলা হয়, আৰু বহিৰ্দৃশ্য কামাখ্যা, বশিষ্ঠাশ্ৰম, ব্ৰহ্মপুত্ৰ আৰু কলংপাৰত লোৱা হয়। নৌযুদ্ধৰ দৃশ্য কলংপাৰতে গ্ৰহণ কৰা হৈছিল।

নিৰ্মাণৰ সময়তে ১৯৬০ চনৰ ভাষা আন্দোলন আৰম্ভ হয় আৰু পশ্চিমবংগ অসমীয়া মানুহৰ বাবে নিৰাপদ নোহোৱা হয়। কলা-কুশলী আধাতে গুৱাহাটীলৈ উভতি আহে। অভিনেতা সূৰ্য্য বৰাৰ বাহিৰে সকলো উৰাজাহাজেৰে আহে, আৰু বৰাই ৰেলেৰে উভতি অহাৰ সময়ত শিলিগুৰিত দুস্কৃতিকাৰীৰ হাতত নিহত হয়। ন মাহ কাম বন্ধ থাকি পাছত কলিকতাত পুনৰ আৰম্ভ হয়। বৰাৰ বাকী থকা কিছুমান দৃশ্য ষ্টুডিঅ'ৰ 'এক্সট্ৰা'ৰ পিঠি কেমেৰালৈ দিয়াই গ্ৰহণ কৰা হয়।

সমালোচনা Reception

ছবিখন গুৱাহাটীৰ ৰূপায়ণ ছবিঘৰত মুক্তি দিয়া হৈছিল।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Lakshyadhar Choudhury & Prabin Phukon

Also from 1961