ক'ত চাব Where to watch
We don't know of a legal way to watch Badan Borphukan online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
অসম বুৰঞ্জীৰ খলনায়ক হিচাপে পৰিচিত বদন বৰফুকনৰ জীৱনৰ আধাৰত ছবিখনৰ কাহিনী ৰচিত। ৰাজনৈতিক উচ্চাকাঙ্ক্ষা আৰু প্ৰতিশোধৰ বশৱৰ্তী হৈ তেওঁ অসমলৈ মানসেনা মাতি আনিছিল। লক্ষ্যধৰ চৌধুৰীয়ে কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল।
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Kamal Narayan Choudhury
নিৰ্মাণ Production
কমল নাৰায়ণ চৌধুৰী প্ৰমুখ্যে গুৱাহাটীৰ কেইগৰাকীমান লোকে 'ইষ্টাৰ্ণ মুভিজ লিমিটেড' নামৰ কোম্পানী খুলি ছবিখন নিৰ্মাণ কৰিছিল। চৌধুৰীয়ে ছবিখন পৰিচালনা কৰিছিল আৰু চিত্ৰগ্ৰহণ কলকাতাৰ কালী ফিল্ম ষ্টুডিঅ'ত কৰা হৈছিল।
নাম ভূমিকাত মঞ্চাভিনেতা কামাখ্যানাথ ঠাকুৰে অভিনয় কৰিছিল আৰু চন্দ্ৰকান্ত সিংহৰ ভূমিকাত নৃত্যশিল্পী চাৰুচন্দ্ৰ বৰদলৈ আছিল। দেৱবালা চলিহাই ৰাজমাও, অমলেন্দু বাগচীয়ে মানৰজা আৰু সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে সন্ন্যাসীৰ ভূমিকাত অভিনয় কৰিছিল। সংগীত পৰিচালনা গৌৰ গোস্বামীৰ, গীত লিখিছিল পুৰুষোত্তম দাস আৰু আনন্দিৰাম দাসে, আৰু প্ৰেম শইকীয়াই গীত গাইছিল।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.
